কাৰ্যকৰী হ'ব ১৬ জুন, ২০২৫
যিসকল ব্যৱহাৰকাৰীয়ে আপডে’টসমূহৰ টেবৰ বাবে পৰিপূৰক সেৱাৰ চৰ্তাৱলীৰ সৈতে সন্মত হৈছে, তেন্তে WhatsApp আপডে’টসমূহৰ টেবৰ পৰিপূৰক গোপনীয়তাৰ নীতিয়ে এই WhatsApp চেনেলৰ পৰিপূৰক গোপনীয়তাৰ নীতিৰ স্থান লয়, আৰু আপোনাৰ আপডে’টসমূহৰ টেব, ষ্টেটাছ আৰু চেনেলৰ মুখ্যপৃষ্ঠাৰ ব্যৱহাৰ সামৰি লয়।
এই WhatsApp চেনেলৰ পৰিপূৰক গোপনীয়তাৰ নীতিয়ে আপুনি WhatsApp চেনেল (“চেনেল”) ব্যৱহাৰ কৰাৰ সময়ত আমাৰ তথ্যৰ অনুশীলন ব্যাখ্যা কৰাত সহায় কৰে। আমি যেতিয়া “WhatsApp”, “আমাৰ”, “আমি” বা “আমাক” বুলি কওঁ তেতিয়া আমি WhatsApp LLC-ৰ কথা কওঁ।
এই চেনেলৰ গোপনীয়তাৰ নীতিয়ে WhatsApp-ৰ গোপনীয়তাৰ নীতি পৰিপূৰক কৰে, যিখিনি চেনেলকে ধৰি আমাৰ সকলো সেৱাৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। এই চেনেলৰ গোপনীয়তাৰ নীতিত ব্যৱহৃত কিন্তু সংজ্ঞায়িত নোহোৱা যিকোনো বৰফলাৰ আখৰেৰে লিখা শব্দৰ অৰ্থ WhatsApp Privacy-ৰ গোপনীয়তাৰ নীতিত সংজ্ঞায়িত কৰা হৈছে। যদি এই চেনেলৰ গোপনীয়তাৰ নীতি আৰু WhatsApp-ৰ গোপনীয়তাৰ নীতিৰ মাজত কোনো বিৰোধ ঘটে, তেন্তে এই চেনেলৰ গোপনীয়তাৰ নীতিয়ে কেৱল আপোনাৰ চেনেল ব্যৱহাৰৰ ক্ষেত্ৰত আৰু কেৱল বিৰোধৰ পৰিসৰলৈকে নিয়ন্ত্ৰণ কৰিব।
WhatsApp চেনেল আৰু WhatsApp চেনেলৰ নিৰ্দেশনাৱলীৰ বাবে পৰিপূৰক সেৱাৰ চৰ্তাৱলী আপোনাৰ চেনেলৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।
এই চেনেলৰ গোপনীয়তাৰ নীতিয়ে কি কি সামৰি লয়?
চেনেল হৈছে আমাৰ ব্যক্তিগত বাৰ্তা প্ৰেৰণ সেৱাৰ পৰা পৃথক WhatsApp-ৰ ভিতৰত এক ঐচ্ছিক, একমুখী সম্প্ৰচাৰ বৈশিষ্ট্য, যিয়ে (আপোনাক চেনেলৰ “প্ৰশাসক” কৰি) আপোনাক এটা চেনেল সৃষ্টি কৰিবলৈ অনুমতি দিয়ে য’ত আপুনি (“চেনেলৰ সমল” ) আনে চাব পৰাকৈ আপডে’টসমূহ ভাগ-বতৰা কৰিব পাৰে। আপুনি চেনেলৰ সমল চাব আৰু ভাব বিনিময় কৰিব পাৰে, আৰু অনুগামী (“অনুগামী”) হিচাপে বিশেষ চেনেলসমূহ অনুসৰণ কৰিব পাৰে। অনুগামী নহোৱাসকলে (“দৰ্শক”) চেনেলৰ সমল চাব আৰু ভাব বিনিময় কৰিব পাৰে।
চেনেলবোৰ ৰাজহুৱা, অৰ্থাৎ যিকোনো ব্যক্তিয়ে আপোনাৰ চেনেল আৱিষ্কাৰ কৰিব, অনুসৰণ কৰিব আৰু চাব পাৰে। চেনেলৰ ৰাজহুৱা স্বৰূপ আৰু সীমাহীন দৰ্শকৰ আকাৰৰ প্ৰতি লক্ষ্য ৰাখি চেনেলৰ সমল WhatsApp-ৰ দ্বাৰা যিকোনো ব্যৱহাৰকাৰীৰ কাৰণে দৃশ্যমান কৰা হ’ব। ইয়াৰ অৰ্থ এইটো যে চেনেলৰ গোপনীয়তাৰ নীতি, পৰিপূৰক চৰ্তাৱলী আৰু WhatsApp চেনেলৰ নিৰ্দেশনাৱলীত বিতংকৈ ব্যাখ্যা কৰাৰ দৰেই চেনেলৰ সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতা বৃদ্ধি কৰাৰ কাৰণে WhatsApp-এ সংগ্ৰহ আৰু ব্যৱহাৰ কৰা তথ্যৰ মাজত চেনেলৰ সমলো আছে।
চেনেলৰ গ্ৰাহকভুক্তি হৈছে এনে চেনেল যিয়ে কেৱল গ্ৰাহকসকলৰ বাবে উপলব্ধ চেনেলৰ সমল (“চেনেলৰ গ্ৰাহকভুক্তিৰ আপডে’টসমূহ”) লাভ কৰিবলৈ মাচুলৰ বিনিময়ত গ্ৰাহক হোৱাৰ বিকল্প প্ৰদান কৰে। যদি আপুনি কোনো চেনেলৰ গ্ৰাহক হয়, তেন্তে চেনেলৰ গ্ৰাহকভুক্তিৰ সেৱাৰ চৰ্তাৱলীও প্ৰযোজ্য হ’ব।
গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনাৰ WhatsApp চেনেলৰ ব্যৱহাৰে আপোনাৰ ব্যক্তিগত WhatsApp-ৰ ব্যক্তিগত বাৰ্তাসমূহৰ গোপনীয়তাক প্ৰভাৱিত নকৰে, যিবোৰ WhatsApp-ৰ গোপনীয়তাৰ নীতিত ব্যাখ্যা কৰাৰ দৰেই প্ৰথমৰ পৰা শেষলৈ এনক্ৰিপ্ট হৈ থাকিব।
ভৱিষ্যতে, আমি অতিৰিক্ত চেনেলৰ বৈশিষ্ট্যসমূহ আগবঢ়াব পাৰোঁ, যেনে চেনেল আৰু চেনেলৰ সমল সন্ধান কৰাৰ নতুন উপায়, চেনেলৰ বাবে অতিৰিক্ত দৰ্শক আৰু গোপনীয়তাৰ ছেটিংছ আৰু প্ৰথমৰ পৰা শেষলৈকে এনক্ৰিপ্ট কৰা চেনেলসমূহ। আমি বৈশিষ্ট্য আৰু ছেটিংছ আপডে’ট কৰাৰ সময়ত যদি আপুনি ইতিমধ্যে চেনেল ব্যৱহাৰ কৰি আছে, তেন্তে আমি আপোনাক উপযুক্তভাৱে এনে বৈশিষ্ট্যসমূহৰ বিষয়ে অৱগত কৰিম।
আমি সংগ্ৰহ কৰা তথ্য
WhatsApp-ৰ গোপনীয়তাৰ নীতিয়ে আমি আমাৰ সেৱাসমূহত সংগ্ৰহ কৰা তথ্যৰ বিষয়ে ব্যাখ্যা কৰে। আপুনি যেতিয়া চেনেল ব্যৱহাৰ কৰে তেতিয়া আমিও এয়া সংগ্ৰহ কৰোঁ:
চেনেলৰ প্ৰশাসকৰ পৰা পোৱা আৰু ইয়াৰ বিষয়ে তথ্য
- এটা চেনেল সৃষ্টি কৰিবলৈ তথ্য। এটা চেনেল সৃষ্টি কৰিবলৈ, প্ৰশাসকে চেনেলৰ নামকে ধৰি প্ৰাথমিক তথ্য প্ৰদান কৰিব লাগিব। প্ৰশাসকসকলে অন্য তথ্য যোগ কৰিবলৈও বাছনি কৰিব পাৰে, যেনে এটা অনন্য চেনেলৰ প্ৰশাসকৰ নাম, আইকন, চিত্ৰ, বিৱৰণ বা তৃতীয় পক্ষৰ ছাইটসমূহৰ লিংক।
- চেনেলৰ আপডে’টসমূহ। চেনেলসমূহ ৰাজহুৱা, সেয়েহে আমি প্ৰশাসকসকলে সৃষ্টি কৰা বা ভাগ-বতৰা কৰা চেনেলৰ সমল আৰু চেনেলৰ গ্ৰাহকভুক্তি আপডে’ট সংগ্ৰহ কৰোঁ, য’ত পাঠ, ভিডিঅ’, ফটো, ছবি, নথি, লিংক, উপহাৰ, ষ্টিকাৰ, অডিঅ’ সমল বা অন্য লোকে চাবলৈ তেওঁলোকৰ চেনেলত থকা অন্য ধৰণৰ সমল অন্তৰ্ভুক্ত।
দৰ্শক আৰু অনুগামীৰ তথ্য
- অনুগামী, দৰ্শক আৰু অন্যান্য সংযোগ। আমি অনুগামী আৰু দৰ্শকৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ, যেনে তেওঁলোকৰ প্ৰতিক্ৰিয়া, ভাষাৰ পছন্দ, আৰু তেওঁলোকে অনুসৰণ কৰা চেনেলসমূহ।
সকলো চেনেলৰ ব্যৱহাৰকাৰীসকলৰ বিষয়ে তথ্য
- ব্যৱহাৰ আৰু লগৰ তথ্য। আপুনি চেনেলসমূহত কৰা কাৰ্যকলাপ, যেনে- সেৱা সম্পৰ্কীয়, ডায়েগন’ষ্টিক আৰু পাৰদৰ্শিতাৰ তথ্য আমি সংগ্ৰহ কৰোঁ। যেতিয়া আপুনি চেনেলসমূহ ব্যৱহাৰ কৰে তেতিয়া আমি চেনেলসমূহত আপোনাৰ কাৰ্যকলাপ আৰু ব্যৱহাৰৰ বিষয়েও তথ্য সংগ্ৰহ কৰোঁ, আপুনি চোৱা আৰু গ্ৰাহক হোৱা সমলৰ ধৰণ আৰু আপুনি ইয়াৰ সৈতে কেনেকৈ ভাব বিনিময় কৰে; চেনেল, চেনেলৰ সমল, চেনেলৰ গ্ৰাহকভুক্তিৰ আপডে’টসমূহ আৰু অনুগামী, গ্ৰাহক আৰু দৰ্শকৰ প্ৰতিক্ৰিয়াৰ বিষয়ে মেটাডাটা; আপুনি ব্যৱহাৰ কৰা চেনেলসমূহৰ বৈশিষ্ট্যসমূহ আৰু আপুনি সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰে, আৰু চেনেলসমূহত আপোনাৰ কাৰ্যকলাপসমূহৰ সময়, ফ্ৰিকুৱেন্সী আৰু সময়সীমা।
- ব্যৱহাৰকাৰীৰ অভিযোগ। ব্যৱহাৰকাৰী বা তৃতীয় পক্ষই আপোনাৰ চেনেল বা নিৰ্দিষ্ট চেনেলৰ সমল বা চেনেলৰ গ্ৰাহকভুক্তিৰ আপডে’ট সম্পৰ্কে আমাক অভিযোগ দিব পাৰে, যেনে- আমাৰ চৰ্ত, নীতি বা স্থানীয় আইনৰ সম্ভাব্য উলংঘন ফ্লেগ কৰিবলৈ। যেতিয়া কোনো অভিযোগ কৰা হয় তেতিয়া আমি অভিযোগ কৰা পক্ষ আৰু অভিযোগ কৰা ব্যৱহাৰকাৰী(সকল)ৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ (যেনেঃ চেনেলৰ প্ৰশাসক), আৰু অন্যান্য তথ্য যিয়ে আমাক অভিযোগৰ তদন্ত কৰাত সহায় কৰিব পাৰে, যেনেঃ সংশ্লিষ্ট চেনেল বা চেনেলৰ সমল, চেনেলসমূহত ব্যৱহাৰকাৰীৰ পাৰস্পৰিক ক্ৰিয়া আৰু কাৰ্যকলাপ আৰু অন্য তথ্য, যেনেঃ এটা চেনেল মিউট কৰা অনুগামীসকলৰ সংখ্যা আৰু অন্য ব্যৱহাৰকাৰীৰ অভিযোগ বা বলৱৎকৰণৰ কাৰ্যসমূহ। অধিক জানিবলৈ, আমাৰ WhatsApp চেনেলৰ নিৰ্দেশনাৱলী আৰু উচ্চখাপৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় বৈশিষ্ট্যসমূহ চাওক।
চেনেলৰ গ্ৰাহকভুক্তি সম্পৰ্কীয় তথ্য
- গ্ৰাহকভুক্তিৰ বাবে প্ৰশাসকৰ তথ্য। চেনেলৰ গ্ৰাহকভুক্তিৰ বাবে, প্ৰশাসকে গ্ৰাহকভুক্তিৰ মূল্য, বিলিং আৰু নবীকৰণৰ সময়, বাতিলকৰণ আৰু সমাপ্তি বা পৰিশোধ পদ্ধতিৰ দৰে তেওঁলোকৰ গ্ৰাহকভুক্তি ছেট আপ আৰু পৰিচালনা কৰিলে লগতে তথ্যও সংগ্ৰহ কৰোঁ।
- গ্ৰাহকৰ তথ্য। যদি আপুনি কোনো চেনেলৰ গ্ৰাহক হোৱাৰ সিদ্ধান্ত লয়, তেন্তে আমি আপুনি গ্ৰাহক হোৱা চেনেল, আৰম্ভণিৰ তাৰিখ আৰু নৱীকৰণৰ চৰ্তাৱলীৰ দৰে তথ্য সংগ্ৰহ কৰোঁ।
- গ্ৰাহকভুক্তিৰ পৰিশোধৰ তথ্য। যদি আপুনি কোনো চেনেলৰ গ্ৰাহক হয়, তেন্তে আমি আপোনাৰ পৰিশোধ পদ্ধতি আৰু লেনদেনৰ পৰিমাণৰ দৰে তথ্যও সংগ্ৰহ কৰোঁ। আমি Apple App Store বা Google Play-ৰ দৰে তৃতীয় পক্ষৰ পৰিশোধ প্ৰদানকাৰীৰ সৈতে কাম কৰোঁ, যিয়ে আপোনাৰ পৰিশোধ প্ৰক্ৰিয়াকৰণ কৰিবলৈ আৰু আপোনাৰ গ্ৰাহকভুক্তি পৰিচালনা কৰিবলৈ আমাক আপোনাৰ লেনদেন সম্পৰ্কীয় তথ্য প্ৰদান কৰে।
আমি কিদৰে তথ্য ব্যৱহাৰ কৰোঁ
আমি সংগ্ৰহ কৰা তথ্য আমি তলত দিয়া অতিৰিক্ত উপায়েৰে ব্যৱহাৰ কৰোঁ:
- চেনেল প্ৰদান কৰা। আমি চেনেলসমূহ চলাবলৈ, প্ৰদান কৰিবলৈ আৰু উন্নত কৰিবলৈ আমাৰ হাতত থকা তথ্য ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, আমি এই তথ্য আপোনাক চেনেল সৃষ্টি কৰিবলৈ, অনুসৰণ কৰিবলৈ বা চেনেলসমূহৰ সৈতে ভাব বিনিময় কৰিবলৈ দিয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, যাতে চেনেলসমূহৰ বাবে অতিৰিক্ত বৈশিষ্ট্য প্ৰদান বা বিকাশ কৰাত বা চেনেলসমূহত আপোনাৰ অভিজ্ঞতা উন্নত কৰাত, যেনে- আপোনাক আপোনাৰ দেশ বা স্থানীয় ভাষাত থকা চেনেলসমূহ দেখুওৱাত বা পৰামৰ্শ দিয়াত আমাৰ সহায় হয়।
- চেনেলৰ ব্যৱহাৰ বুজি লোৱা। আমি চেনেলসমূহৰ ফলপ্ৰসূতা, পৰিৱেশন, নিৰ্ভৰযোগ্যতা আৰু কাৰ্যক্ষমতা জুখিবলৈ আৰু বিশ্লেষণ কৰিবলৈ, মানুহে চেনেলসমূহ কেনেকৈ ব্যৱহাৰ কৰে আৰু সেইবোৰৰ সৈতে কেনেকৈ ভাব বিনিময় কৰে সেয়া বুজিবলৈ, আৰু আমি আমাৰ সেৱাসমূহ কেনেকৈ বিকশিত আৰু উন্নত কৰিব পাৰোঁ সেইটো নিৰ্ধাৰণ কৰিবলৈ তথ্য ব্যৱহাৰ কৰোঁ।
- সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতাৰ বাবে। আমি আমাৰ সেৱাসমূহৰ সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতা নিশ্চিত কৰিবলৈ আমাৰ হাতত থকা তথ্য (চেনেলৰ সমল আৰু চেনেলসমূহত আপোনাৰ কাৰ্যকলাপকে ধৰি) ব্যৱহাৰ কৰোঁ, ক্ষতিকাৰক আচৰণৰ বিৰুদ্ধে কৰা যুঁজকে ধৰি; ব্যৱহাৰকাৰীসকলক বেয়া বা ক্ষতিকাৰক অভিজ্ঞতাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰা, আমাৰ WhatsApp চেনেলৰ নিৰ্দেশনাৱলীকে ধৰি আমাৰ চৰ্তাৱলী আৰু নীতিসমূহৰ সন্দেহজনক কাৰ্যকলাপ বা উলংঘন ধৰা পেলোৱা আৰু তদন্ত কৰা, আৰু চেনেলসমূহকে ধৰি আমাৰ সেৱাসমূহ আইনগতভাৱে ব্যৱহাৰ কৰা হোৱাটো নিশ্চিত কৰা।
আমি চেনেলৰ গ্ৰাহকভুক্তিৰ বাবে কিদৰে তথ্য ব্যৱহাৰ কৰোঁ
যদি আপুনি হয় এগৰাকী প্ৰশাসক হিচাপপে নহয় এগৰাকী গ্ৰাহক হিচাপে চেনেল গ্ৰাহকভুক্তিসমূহ ব্যৱহাৰ কৰে, আমি চেনেলৰ গ্ৰাহকভুক্তিসমূহ প্ৰদান আৰু পৰিচালনা কৰিবলৈ আমাৰ হাতত থকা তথ্যসমূহো ব্যৱহাৰ কৰোঁ, য’ত গ্ৰাহকভুক্তি আৰম্ভ কৰা, নৱীকৰণ কৰা আৰু সমাপ্ত কৰা, পৰিশোধ আৰু পে’আউট পৰিচালনা কৰা আৰু চেনেলৰ গ্ৰাহকভুক্তি সম্পৰ্কীয় আপডে’টসমূহ গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰা অন্তৰ্ভুক্ত।
তথ্য কেনেকৈ ভাগ-বতৰা কৰা হয়
চেনেলৰ তথ্য তলত দিয়া উপায়েৰে ভাগ-বতৰা কৰা হয়:
- ৰাজহুৱা তথ্য। মনত ৰাখিব যে চেনেলৰ সমল, চেনেলৰ গ্ৰাহকভুক্তিৰ আপডে’ট আৰু প্ৰশাসকে চেনেলসমূহত ভাগ-বতৰা কৰা তথ্য যিকোনো দৰ্শক, গ্ৰাহকভুক্তি বা গোপনীয়তা ছেটিংছৰ অধীনত ৰাজহুৱা আৰু আনৰ বাবে উপলব্ধ। আপুনি মনত ৰাখিব যে যিকোনো ব্যক্তিয়ে চেনেলত চেনেলৰ সমল আৰু ভাব বিনিময়ৰ স্ক্ৰীণশ্বট কেপচাৰ কৰিব পাৰে বা ৰেকৰ্ডিং কৰি WhatsApp বা আন যিকোনো ব্যক্তিলৈ প্ৰেৰণ কৰিব পাৰে বা আমাৰ সেৱাৰ পৰা ভাগ-বতৰা, ৰপ্তানি বা আপল’ড কৰিব পাৰে।
- তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী আৰু Meta-ৰ কোম্পানীসমূহ। চেনেলসমূহ চলোৱা, প্ৰদান কৰা, উন্নত কৰা, বুজা আৰু সমৰ্থন আগবঢ়োৱাত আমাক সহায় কৰিবলৈ আমি তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে কাম কৰোঁ। আমি Meta-ৰ কোম্পানীসমূহৰ সৈতেও কাম কৰোঁ যাতে আমাক চেনেল আৰু আমাৰ সেৱাসমূহত সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতাৰ উত্তৰণ ঘটোৱাত সহায় কৰে, য’ত ধৰা পেলোৱা আৰু জোখ-মাখৰ সঁজুলিসমূহৰ ব্যৱহাৰ অন্তৰ্ভুক্ত কৰা হয় যিয়ে সক্ৰিয়ভাৱে আৰু প্ৰতিক্ৰিয়াশীলভাৱে সম্ভাৱ্যৰূপে উলংঘন কৰা সমল বা চেনেলসমূহৰ ব্যৱহাৰ ধৰা পেলাবলৈ—শ্ৰেণীবিভাজক, সমল আৰু আচৰণৰ সংকেতৰ সংমিশ্ৰণ, মানৱ পৰ্যালোচনা আৰু ব্যৱহাৰকাৰীৰ অভিযোগৰ সহায় লয়। আমি তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু এই ভূমিকা অথবা অৱস্থাত থকা অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে তথ্য ভাগ-বতৰা কৰিলে, আমাৰ নিৰ্দেশনা আৰু চৰ্তাৱলী অনুসৰি আমাৰ হৈ সেইসমূহে তথ্য ব্যৱহাৰ কৰাটো বিচাৰোঁ।
- একাউণ্ট কেন্দ্ৰ। আপুনি যদি একাউণ্ট কেন্দ্ৰত আপোনাৰ WhatsApp একাউণ্ট যোগ কৰিছে, আপোনাৰ তথ্য কিদৰে ভাগ-বতৰা কৰা হ’ব সেই বিষয়ে অধিক জানিবলৈ ইয়াত চাওক।
গ্ৰাহকভুক্তিৰ সৈতে সম্পৰ্কিত তথ্য এইদৰে ভাগ-বতৰা কৰা হয়:
- পৰিশোধ প্ৰদানকৰ্তা। আপুনি কোনো চেনেলৰ গ্ৰাহক হ’লে পৰিশোধ আৰু লেনদেন প্ৰক্ৰিয়াকৰণ কৰিবলৈ আমি Google Play Store আৰু Apple App Store-কে ধৰি তৃতীয় পক্ষৰ পৰিশোধ প্ৰদানকাৰীৰ সৈতে কাম কৰোঁ। আমি এই তৃতীয় পক্ষৰ পৰিশোধ প্ৰদানকাৰীসকলৰ সৈতে প্ৰমাণীকৰণৰ আৰু লেনদেনৰ তথ্য দৰে তথ্য ভাগ-বতৰা কৰোঁ। অনুগ্ৰহ কৰি মন কৰক যে আপুনি তৃতীয় পক্ষৰ পৰিশোধ প্ৰদানকাৰী সেৱাসমূহ ব্যৱহাৰ কৰিলে, সেইসমূহৰ নিজৰ চৰ্ত আৰু গোপনীয়তা নীতিসমূহ আপোনাৰ সেই সেৱাসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
আপোনাৰ তথ্য পৰিচালনা কৰা আৰু ধৰি ৰখা
আপুনি WhatsApp-ৰ গোপনীয়তাৰ নীতিত উল্লেখ কৰা আমাৰ এপৰ অন্তৰ্গত ছেটিংছ ব্যৱহাৰ কৰি আপোনাৰ চেনেলৰ তথ্য এক্সেছ, পৰিচালনা বা প’ৰ্ট কৰিব পাৰে।
- আপোনাৰ ৰাজহুৱা চেনেলৰ সমল, চেনেলৰ গ্ৰাহকভুক্তিৰ আপডে’টসমূহ, চেনেলৰ তথ্য আৰু চেনেলৰ গ্ৰাহকভুক্তিৰ তথ্য ধৰি ৰখা। চেনেল প্ৰদানৰ সাধাৰণ প্ৰক্ৰিয়াত, আমি সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতাৰ উদ্দেশ্যে অথবা অন্য আইনী বা অনুপালনৰ বাধ্যবাধকতাৰ অধীনত আমাৰ ছাৰ্ভাৰত চেনেলৰ সমল আৰু চেনেলৰ গ্ৰাহকভুক্তিৰ আপডে’টসমূহ 30 দিনলৈকে সংৰক্ষণ কৰোঁ, যিবোৰক অধিক সময় ৰখাৰ প্ৰয়োজন হ’ব পাৰে। চেনেলৰ সমল আৰু চেনেলৰ গ্ৰাহকভুক্তিৰ আপডে’টসমূহ দৰ্শক, অনুসৰণকাৰী বা গ্ৰাহকৰ ডিভাইচসমূহত অধিক সময়ৰ বাবে থাকিব পাৰে, কিন্তু যদিহে প্ৰশাসকে বিচাৰে, আমি আপডে’টসমূহ অধিক দ্ৰুতভাৱে, যেনে- 7 দিন বা 24 ঘণ্টাৰ পিছত নোহোৱা হৈ যোৱাৰ বিকল্প প্ৰদান কৰিব পাৰোঁ। আমি এই চেনেলৰ গোপনীয়তা নীতি আৰু WhatsApp-ৰ গোপনীয়তাৰ নীতিত চিনাক্ত কৰা উদ্দেশ্যসমূহৰ বাবে যিমান দিনৰ বাবে প্ৰয়োজন হয় সিমান দিনলৈ অন্য চেনেলৰ তথ্য আৰু চেনেলৰ গ্ৰাহকভুক্তিৰ তথ্য সংৰক্ষণ কৰি ৰাখোঁ, য’ত চেনেল প্ৰদান কৰিবলৈ অথবা অন্য বৈধ্য উদ্দেশ্য যেনে- আইনী বাধ্যবাধকতা মানি চলা, আমাৰ চৰ্তাৱলী আৰু নীতিসমূহ বলৱৎ আৰু তাৰ উলংঘন ৰোধ কৰা অথবা আমাৰ অধিকাৰ, সম্পত্তি আৰু ব্যৱহাৰকাৰীক সুৰক্ষা দিয়া অথবা ৰক্ষা কৰাৰ উদ্দেশ্যে কৰা সংৰক্ষণ অন্তৰ্ভুক্ত। সংৰক্ষণৰ সময়সীমা ঘটনা অনুযায়ী নিৰ্ধাৰণ কৰা হয়, যিটো তথ্যৰ ধৰণ, সেয়া কিয় সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰা হৈছে, প্ৰসংগিক আইনী অথবা কাৰ্যকৰী কৰি ৰখাৰ আৱশ্যকতা আৰু আইনী বাধ্যবাধকতা আদিৰ দৰে কাৰকৰ ওপৰত নিৰ্ভৰশীল।
- আপোনাৰ চেনেল মচি পেলোৱা। যদি আপুনি এজন প্ৰশাসক, আপোনাৰ চেনেল মচি পেলালে আপোনাৰ এপৰ আপডে’টসমূহৰ টেবৰ পৰা চেনেল আৰু চেনেলৰ সমল আঁতৰাই পেলোৱা হয় যিটো সময়ত ই চেনেলৰ জৰিয়তে অন্য ব্যৱহাৰকাৰীৰ বাবে আৰু এক্সেছযোগ্য নহয়। আমাৰ ছাৰ্ভাৰত আপোনাৰ চেনেলৰ তথ্য আৰু চেনেলৰ গ্ৰাহকভুক্তিৰ তথ্য মচি পেলাবলৈ 90 দিন সময় লাগিব পাৰে। আমি আপোনাৰ কিছুমান তথ্য প্ৰয়োজন অনুসৰি আইনী বাধ্যবাধকতাসমূহ মানি চলা, আমাৰ চৰ্তাৱলী আৰু নীতিসমূহ উলংঘন কৰা বা ক্ষতি প্ৰতিৰোধৰ প্ৰচেষ্টাৰ দৰে কামৰ বাবেও ৰাখিব পাৰোঁ। অনুগ্ৰহ কৰি মনত ৰাখিব যে আপুনি আপোনাৰ চেনেলটো মচি পেলালে ই সেইবোৰ তথ্য আৰু সমলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় যিবোৰ অন্য ব্যৱহাৰকাৰীসকলৰ ওচৰত থাকি যাব পাৰে, যেনে- তেওঁলোকৰ ডিভাইচত স্থানীয়ভাৱে সংৰক্ষণ কৰা, অন্য ব্যৱহাৰকাৰীলৈ ফৰৱাৰ্ড কৰা বা আমাৰ সেৱাসমূহৰ পৰা ভাগ-বতৰা কৰা চেনেলৰ সমলৰ প্ৰতিলিপি।
- চেনেলৰ সমল আঁতৰ কৰা। চেনেলৰ প্ৰশাসকসকলে প’ষ্ট কৰাৰ পাছত 30 দিন পৰ্যন্ত চেনেলৰ সমল আঁতৰাব পাৰে।
আপুনি আমাৰ ডাটা মচা আৰু ৰাখি থোৱাৰ ব্যৱস্থাৰ বিষয়ে আৰু আপোনাৰ একাউণ্ট কিদৰে মচিব লাগে সেই বিষয়ে ইয়াত অধিক জানিব পাৰে।
আমাৰ নীতিত কৰা আপডে’টসমূহ
আমি এই চেনেলৰ গোপনীয়তাৰ নীতি সংশোধন অথবা আপডে’ট কৰিব পাৰোঁ। আমি আপোনাক উপযুক্তভাৱে সংশোধনী বা আপডে’টৰ জাননী প্ৰদান কৰিম আৰু ওপৰৰ ফালে কাৰ্যকৰী হোৱাৰ তাৰিখটো আপডে’ট কৰিম। অনুগ্ৰহ কৰি সময়ে সময়ে আমাৰ চেনেলৰ গোপনীয়তাৰ নীতি পৰ্যালোচনা কৰক।