সমললৈ এৰি যাওক
  • Home
  • Apps
    • CallingMessagingGroupsStatusChannelsMeta AISecurity
  • Privacy
  • Help Center
  • Blog
  • For Business
Download
Terms & Privacy Policy2025 © WhatsApp LLC
WhatsApp মুখ্য পৃষ্ঠাWhatsApp মুখ্য পৃষ্ঠা
    • Calling

      Stay connected with voice and video.

    • Messaging

      Say it with stickers, voice, GIFs and more.

    • Groups

      Messaging features you need to connect in groups.

    • Channels

      Stay updated on topics you care about.

    • Meta AI

      Get help with anything, all with the safety and privacy on WhatsApp.

    • Status

      Share your everyday with photos, videos and voice notes.

    • Security

      Layers of protection to help you stay safe.

  • Privacy
  • Help Center
  • Blog
  • For Business
  • Apps
Log inDownload

WhatsApp-ৰ মুখ আৰু হাতৰ ইফেক্ট সম্পৰ্কীয় গোপনীয়তাৰ জাননী

কাৰ্যকৰী হ'ব ১৫ অক্টোবৰ, ২০২৪

আপুনি যদি মুখ আৰু হাতৰ ইফেক্ট অপ্ট ইন কৰে, এই গোপনীয়তাৰ জাননীখন প্রয়োগ হয়। এই কেমেৰাৰ ইফেক্টসমূহ সৃষ্টি কৰিবলৈ আমি আপোনাৰ তথ্য কেনেকৈ ব্যৱহাৰ আৰু সুৰক্ষিত কৰোঁ সেয়া এইখনে ব্যাখ্যা কৰে আৰু WhatsApp-ৰ গোপনীয়তা নীতিৰ পৰিপূৰক হিচাপে কাম কৰে।

মুখ আৰু হাতৰ ইফেক্ট হৈছে সংবৰ্ধিত বাস্তৱিকতাৰ বৈশিষ্ট্য যিয়ে দৃশ্যত লোকে লৰচৰ কৰা, কথা কোৱা আৰু নিজকে প্ৰকাশ কৰাৰ দৰে প্ৰতিক্ৰিয়া দিয়ে। তাত ফিল্টাৰ, মাস্ক আৰু অন্য ভাব-বিনিময়মূলক ডিজিটেল অভিজ্ঞতা অন্তৰ্ভুক্ত। আপুনি আপোনাৰ কেমেৰা, ফটো আৰু ভিডিঅ’ত এই ইফেক্টসমূহ ব্যৱহাৰ কৰিব পাৰে।

মুখ আৰু হাতৰ ইফেক্টে কাম কৰিবলৈ আমি ব্যৱহাৰ কৰা তথ্য

আপুনি যেতিয়া মুখ আৰু হাতৰ ইফেক্ট ব্যৱহাৰ কৰে, আমি সেয়া আপোনাৰ কেমেৰা, ফটো আৰু ভিডিঅ’ৰ সঠিক ঠাইত দেখুৱাব লাগে আৰু কিছুমান ইফেক্টক আপোনাৰ ভংগিমা, অভিব্যক্তি বা লৰচৰৰ প্ৰতি প্ৰতিক্ৰিয়াশীল কৰি তুলিব লাগে। উদাহৰণস্বৰূপে, আপুনি যদি কুকুৰৰ পোৱালিৰ কাণ বাছনি কৰে, আমি কাণ দুখন আপোনাৰ মূৰৰ ওপৰত ওলোৱা আৰু আপুনি লৰচৰ কৰিলে সেয়া তাতেই থকাটো নিশ্চিত কৰিব লাগে। এয়া কৰিবলৈ আমি আপোনাৰ মুখৰ কিছু অংশৰ (যেনে আপোনাৰ চকু, নাক বা মুখ) অৱস্থান আৰু আপোনাৰ মুখ, চকু বা হাতৰ পইণ্টৰ অনুমান কৰোঁ। কিছুমান ইফেক্টৰ বাবে, আমি এই পইণ্টবোৰ মুখৰ এটা জেনেৰিক মডেলত প্ৰয়োগ কৰোঁ আৰু আপোনাৰ মুখৰ অভিব্যক্তি আৰু গতিবিধি অনুকৰণ কৰিবলৈ ইয়াক খাপ খুৱাই লওঁ। এই তথ্য আপোনাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা নহয়।

এই তথ্যখিনিৰ সৈতে আমি কি কৰোঁ

আমি এই তথ্য প্ৰক্ৰিয়াকৰণ নকৰোঁ বা আমাৰ ছাৰ্ভাৰত সংৰক্ষণ নকৰোঁ বা তৃতীয় পক্ষৰ সৈতে ভাগ-বতৰা নকৰোঁ। তথ্যখিনি প্ৰক্ৰিয়াকৰণ কৰা হয়, কিন্তু আপোনাৰ ডিভাইচত সংৰক্ষণ কৰা নহয় আৰু আপুনি বাছনি কৰা ইফেক্টৰ ব্যৱহাৰ কৰাৰ পাছত সেয়া বিলোপ কৰা হয়।

অন্য লোকৰ সৈতে মুখ আৰু হাতৰ ইফেক্ট ব্যৱহাৰ কৰা

আপুনি মুখ আৰু হাতৰ ইফেক্ট ব্যৱহাৰ কৰিলে, আমি আপোনাৰ কেমেৰাৰ ফীড, ফটো বা ভিডিঅ'ত ওলোৱা অন্য লোকৰ ছবিৰ পৰা তথ্য প্ৰক্ৰিয়াকৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আপুনি ভিডিঅ’ কলত ইফেক্ট ব্যৱহাৰ কৰিলে, পৃষ্ঠভূমিত থকা কোনো লোকৰ মূৰত কুকুৰৰ পোৱালিৰ কাণ দেখুওৱা হ’ব পাৰে।

যুক্তৰাষ্ট্ৰৰ বাসিন্দাসকলৰ বাবে অতিৰিক্ত তথ্য

আপুনি যদি যুক্তৰাষ্ট্ৰৰ বাসিন্দা, আপুনি মুখ আৰু হাতৰ ইফেক্ট WhatsApp-ত এক্সেছ কৰিব পৰা হোৱাৰ আগতে সেয়া অন কৰিব লাগিব। আপুনি WhatsApp-ত প্ৰথমবাৰলৈ মুখ আৰু হাতৰ ইফেক্ট ব্যৱহাৰ কৰাৰ চেষ্টা কৰিলে আপোনাক ইফেক্ট অন কৰিবলৈ কোৱা হ’ব।

আপুনি আপোনাৰ মুখ আৰু হাতৰ ইফেক্টৰ ছেটিং যিকোনো সময়তে সলনি কৰিব পাৰে। যদি এই ছেটিংটো অফ কৰা হয়, আপুনি তথাপি অন্য বৈশিষ্ট্যবোৰ এক্সেছ কৰি থাকিব পাৰিব।

ইফেক্ট অন কৰি আপুনি সন্মতি দিয়ে যে আপুনি কেৱল তেতিয়াহে ইফেক্ট ব্যৱহাৰ কৰিব যেতিয়া আপোনাৰ কেমেৰাৰ ফীড, ফটো বা ভিডিঅ’ত ওলোৱা সকলো লোকেও নিজৰ WhatsApp একাউণ্টত ইফেক্ট অন কৰে অথবা আপুনি তেওঁলোকৰ আইনীভাৱে অনুমোদিত প্ৰতিনিধি আৰু আপুনি তেওঁলোকৰ হৈ এই জাননীৰ চৰ্তাৱলীত সন্মতি প্ৰদান কৰে।

Download
WhatsApp মুখ্য ল’গ’
WhatsApp মুখ্য ল’গ’
Download

What we do

FeaturesBlogSecurityFor Business

Who we are

About usCareersBrand CenterPrivacy

Use WhatsApp

AndroidiPhoneMac/PCWhatsApp Web

Need help?

Contact UsHelp CenterAppsSecurity Advisories
Download

2025 © WhatsApp LLC

Terms & Privacy Policyছাইটমেপ